thumbnail

By

Published : Dec 11, 2020, 11:10 PM IST

ETV Bharat / Videos

মাতৃৰ বুকু উদং কৰি এটা বছৰ অতিক্ৰম ছেম ষ্টে'ফৰ্ডৰ মৃত্যুৱে

অসম আৰু অসমীয়াৰ আবেগক জলাঞ্জলি দি 2019 চনৰ 11 ডিচেম্বৰত ৰাজ্যসভাত গৃহীত হৈছিল 'নাগৰিকত্ব সংশোধনী বিধেয়ক (2019) ৷ তাৰ পিচতে ক্ষোভৰ উদগীৰণ ঘটিছিল সমগ্ৰ ৰাজ্যত ৷ স্বদেশ আৰু স্বজাতিৰ হকে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনতা ৷ জাতি ধ্বংসী আইনৰ বিৰোধিতাৰে ৰাজপথ কঁপোৱা জনতাক ভেটিবলৈ আৰক্ষী-অৰ্ধ-সামৰিক বাহিনীৰ গুলীয়ে বুকু ভেদিছিল হাতীগাঁৱৰ সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ছেম ষ্টে'ফৰ্ডৰ ৷ মাতৃৰ বুকু শুদা কৰি আৰক্ষীৰ নিৰ্মম গুলীত মৃত্যু হোৱা ছেম ষ্টে'ফৰ্ডৰ পৰিয়ালে ছেম অবিহনে পাৰ কৰিলে এটা বছৰ ৷ 16 বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টে'ফৰ্ডৰ প্ৰতিটো কথা, প্ৰতিটো মূহুৰ্তই আবেগিক কৰি তোলে পৰিয়ালক ৷ ৰাজ্যৰ দল-সংগঠন, অসমবাসীয়ে ছেম ষ্টে'ফৰ্ডক শ্বহীদ হিচাপে ঘোষণা কৰিছে যদিও আজিও উপেক্ষিত চৰকাৰৰ পৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.