thumbnail

তিনি মানৱ সৰবৰাহকাৰীক আটক শোণিতপুৰ আৰক্ষীৰ

By

Published : Nov 6, 2021, 10:09 PM IST

মাতৃ সহ তিনি সন্তানক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অপৰাধত তিনি অভিযুক্তক আটক কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ ধৃত তিনি অভিযুক্ত ক্ৰমে, বিতু বৰা, নছমাইল আৰু খৃস্টফাৰ ৷ শোণিতপুৰ জিলা আৰক্ষীৰ অধীক্ষক ড৹ ধনঞ্জয় ঘনাৱতে সদৰী কৰা মতে, তিনি সন্তানৰ এগৰাকী মাতৃক বিতু নামৰ অভিযুক্ত গৰাকীয়ে প্ৰথমে দিল্লীৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰক বিক্ৰী কৰে ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীক সেই চক্ৰটোৱে হাৰিয়ানাত বিক্ৰী কৰে ৷ ইফালে মহিলা গৰাকীৰ তিনি সন্তানক আন দুই অভিযুক্তই অৰুণাচল প্ৰদেশৰ এটা চক্ৰক বিক্ৰী কৰে ৷ মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত অৱশেষত লোক কেইজনক আটক কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.