Child sexual abuse: কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত
🎬 Watch Now: Feature Video
গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এম. এইচ. বৰভূঞা বিচাৰপীঠত ইতিমধ্যে অন্ত পৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচজনকৈ লোকৰ বিচাৰ প্ৰক্ৰিয়া । সেই অনুসৰি বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ পৰা পাঁচ হাজাৰকৈ জৰিমনা বিহে । দুয়ো এগৰাকী প্ৰায় সাত/আঠ বছৰীয়া কিশোৰী ধৰ্ষণৰ লগত জড়িত আছিল । ইয়াৰোপৰি সুখা কৰ্মকাৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানা (Golaghat Police Station)ৰ 995/19 গোচৰৰ শুনানীত দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে 2000 টকাৰ জৰিমনা বিহা হয় । দেৰগাঁও আৰক্ষী থানাৰ (Dergaon Police Station) 137/21 নং গোচৰৰ অভিযুক্ত আমিনুল চিকদাৰো কিশোৰীক যৌন নিৰ্যাতনৰে জড়িত প্ৰমাণিত হোৱাত আদালতে বিশ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ জৰিমনা বিহে । গোলাঘাট আৰক্ষী থানাৰ অন্য এক গোচৰ 971/19 মৰ্মে অনিল বৰাক ছয় বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ জৰিমনা বিহে । উল্লেখ্য যে, দোষী সাব্যস্ত হোৱা অভিযুক্ত পাঁচজনেই কিশোৰীক যৌন নিৰ্যাতনৰ লগত জড়িত আছিল ।