বাঘৰ আতংকত ৰাইজ: কাণসাৰ নাই বন বিভাগৰ - গো ধনৰ মৃত্যু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 2, 2021, 7:11 PM IST

চৰাইদেউৰ সোণাৰিৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংকই বিৰাজ কৰিছে । শেহতীয়াকৈ সোণাৰিৰ বিভিন্ন অঞ্চলত গৰু-ছাগলীকে ধৰি ঘৰচীয়া জন্তুৰ ওপৰত বাঘৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । আনহাতে, বাঘৰ আক্ৰমণত বহুকেইগৰাকী লোকো গুৰুতৰভাৱে আহত হৈছে বিগত কেইটামান দিনত । ইয়াৰ পিছতো সোণাৰিস্থিত বন বিভাগে ঘটনা সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ শনিবাৰে সোণাৰি নগৰৰ ১৬ নং ৱাৰ্ডৰ থুকুবিলত বাঘৰ আক্ৰমণত গো-ধনৰ মৃত্যু হয় । এই সন্দৰ্ভত সোণাৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অৱগত কৰা হয় যদিও বিভাগীয় কৰ্তৃপক্ষই পুনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.