টীয়কত টুলুঙা নাৱেৰে চিকিৎসালয়লৈ নিলে ৰোগীক - স্বাস্থ্য বিভাগ
🎬 Watch Now: Feature Video
টীয়ক,20 জুলাইঃ টীয়কত পথৰ দুৰৱস্থাৰ অজুহাতত স্বাস্থ্য বিভাগৰ বিশেষ জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ল এজন ৰোগী ৷ অৱশেষত TMPK যোৰহাট জিলাৰ সম্পাদক ৰূপক টায়ুঙৰ ব্যক্তিগত প্ৰচেষ্টাত গাড়ীৰ ব্যৱস্থা কৰি যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰা হয় প্ৰফুল্ল টাহুক ৷উল্লেখ্য যে, প্ৰফুল্ল টাহু নামৰ ব্যক্তিজনৰ দীৰ্ঘদিন ধৰি বাওঁফালৰ কিডনী বিকল হোৱাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু আৰ্থিক অসুবিধাৰ বাবে ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হয় প্ৰফুল্ল টাহু ৷ শুকুৰবাৰে নিশা হঠাৎ বেছিকৈ অসুস্থ হোৱাত এখন টুলুঙা নাঁৱেৰে জাঁজীমুখ প্লেটফৰ্মত উপস্থিত হয় ৰোগী প্ৰফুল্ল টাহু ৷ তাৰ আগমূহূৰ্তত 108 সেৱাত যোগাযোগ কৰাৰ পিছত কাকজান আৰু ভগামুখ পথৰ দুৰৱস্থাৰ অজুহাত দেখুৱাই কোনো সঁহাৰি নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়ে উক্ত ঘটনাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সমগ্ৰ অঞ্চল। স্বাস্থ্য মন্ত্ৰীৰ লগতে 108 সেৱাৰো কঠোৰ সমালোচনা কৰে TMPK তথা অনান্য দল সংগঠনে ৷