thumbnail

টীয়কৰ জাঁজী নৈৰ ঘাটত সমূহীয়া কৈ গৰু বিহু উদযাপন

By

Published : Apr 14, 2021, 10:50 AM IST

সমগ্ৰ ৰাজ্য জুৰি এতিয়া উখল মাখল পৰিবেশ ৷ সকলোৱে মিলি উদযাপন কৰিছে গৰু বিহু ৷ ব্যতিক্ৰম নহয় টীয়কৰ এজাৰগুৰি বাসী । টীয়কৰ জাঁজী নৈ পাৰত গৰু গা ধুৱাই ৰাইজে আনন্দ উল্লাসেৰে পালন কৰিছে গৰু বিহু ৷ পুৱা ঘৰে ঘৰে গৰুক মাহ হালধিৰে নোৱাই লাও খা, বেঙেনা খা গায় জাঁজী নৈত গা ধুৱাই ৷ বিগত বৰ্ষত কভিডৰ আতংকৰ বাবে অসমীয়া চেনেহৰ বিহুটি অনুষ্টুপীয়াকৈ উদযাপন কৰিবলগীয়া হৈছিল বাবেহে এইটো বছৰ দুগুণ উল্লাসেৰে বিহুক আদৰণি জনাই গাঁৱৰ সকলো একত্ৰিত হৈ পুৱাই নদীৰ ঘাটত উলহ মালহে উদযাপন কৰে গৰু বিহু । লগতে পৰম্পৰাগত সকলো ৰীতি নীতি অৱলম্বন কৰি চাট সলনি কৰি প্ৰীতিৰ জা জলপানৰ ব্যৱস্থা কৰে যুৱচামে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.