নতুন ক’ভিড নীতি জাৰি হোৱাৰ পিছতে বিপাঙত পৰিছে টেম্পো চালকসকল

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 19, 2021, 10:19 PM IST

কৰ'ণাক লৈ চাৰিওফালে আতংকময় পৰিৱেশৰ মাজতে নতুন ক’ভিড নীতি জাৰি হোৱাৰ পিছত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰঙিয়াৰ টেম্পো চালকসকল ৷ ৰাতিপুৱা ৫ বজাৰ পৰা দুপৰীয়া ১১ বজালৈ অপেক্ষা কৰিছে যাত্ৰীলৈ । কিন্তু ৬ ঘন্টা অপেক্ষা কৰিও এগৰাকীও যাত্ৰী কঢ়িয়াব নোৱাৰিলে চালকসকলে । বিগত কেইবাদিন ধৰি টেম্পো চালক সকলে পোৱা নাই যাত্ৰী । প্ৰতিদিনে ৰাতিপুৱা টেম্পোখন লৈ ষ্টেণ্ডত অপেক্ষা কৰিও খালী হাতে ঘৰলৈ উভতিছে চালক সকল। কাচিৎহে দুজন বা তিনিজন যাত্ৰী পাইছে টেম্পো চলকসকলে ৷ কাৰণ, বৰ্তমান ক'ভিডৰ পৰিস্থিতিৰ বাবে বেছিভাগ লোকেই ৰাজহুৱা পৰিবহন ব‍্যৱস্থাৰে যাতায়ত কৰিবলৈ সংকিত হৈ পৰিছে । ইফালে, ঘৰলৈ যোৱাৰ পিছতো আকৌ বন্ধন বেংক অথবা আৰোহন বেংকৰ টকা বিচাৰি অহা লোকৰ কথা শুনিবলৈ বাধ্য হৈছে চালকসকল । কিয়নো এই পৰিস্থিতিত বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাই এইসকল দুৰ্ভগীয়া টেম্পো চালকে । আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰা এই সকল লোকে এতিয়া সকাহ বিচাৰি চৰকাৰী পদক্ষেপৰ আশাত নতুন চৰকাৰৰ মুখলৈ বাট চাই ৰৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.