ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কঁহাৰ শিল্পীৰ - lock down
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12660631-thumbnail-3x2-hjshs.jpg)
ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে সৰ্থেবাৰীৰ এগৰাকী কঁহাৰ শিল্পীয়ে । কঁহাৰ শিল্পী গৰাকীৰ নাম বিশ্বজিৎ ডেকা (৩৫)। ঋণগ্ৰস্ত কঁহাৰ শিল্পীগৰাকী দীৰ্ঘদিন ধৰি হতাশাত ভূগি আছিল । সৰ্থেবাৰীৰ তামুলী চুপাত সংঘটিত হয় এই ঘটনা । স্থানীয় ৰাইজে জনোৱা অনুসৰি, বিশ্বজিৎ ডেকাই লক ডাউনৰ মাজতে মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লৈছিল । অৱশেষত উপায়হীন হৈ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হয় ৷ ঋণগ্ৰস্ত কঁহাৰ শিল্পী বিশ্বজিৎ ডেকাৰ আত্মহত্যাৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । দেওবাৰে মহানগৰীৰ এগৰাকী প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ আত্মহত্যাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতে পুনৰ বৰপেটাত সংঘটিত এই ঘটনাই ৰাজ্যত ক’ভিড মহামাৰীৰ বিধ্বস্ত ছবিখন প্ৰতিফলিত কৰিছে ৷