কামপুৰত ৰাস নাচিবলৈ আহি দুৰ্ঘটনাত নিহত ছাত্ৰী - দুৰ্ঘটনাত নিহত ছাত্ৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13672672-thumbnail-3x2-bar.jpg)
কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহি কৰুণ মৃত্যুক আকোঁৱালি লয় এগৰাকী ছাত্ৰীয়ে । নিহত ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াআটিৰ মিন্টু বৰাৰ কন্যা মাম্পী বুলি জানিব পৰা হৈছে ৷ মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী । দেউতাকৰ লগত ৰাস পথাৰলৈ স্কুটিৰে আহি থাকোতেই তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে স্কুটিখন । দুৰ্ঘটনা সংঘটিত কৰিয়েই AS 02 CC 5357 নম্বৰৰ ডাম্পাৰখন এৰি পলায়ন কৰে চালকজন ।