thumbnail

By

Published : Sep 11, 2021, 7:36 PM IST

ETV Bharat / Videos

কেনে আছে চিকিৎসা সেৱাৰ মাজতো ভাস্কৰ্য শিল্পত প্ৰাণ দিয়া মানুহজন ?

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিৰ এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী ৷ জীৱনৰ আশীটা বসন্ত পাৰ কৰা শিল্পী গৰকী পেচাগত ভাৱে এগৰাকী মানৱ দৰদী চিকিৎসকো ৷ নাম তেওঁৰ ডাঃ জ্যোতিষ প্ৰসাদ চৌহান । শালনা চাহ বাগিচাৰ অন্তৰ্গত লেংটেঙ শাখাত সুদীৰ্ঘ কাল চিকিৎসক হিচাপে কটাই আমনি, আমলখি,আঞ্জুকপানী , শালনা, লেংটেং আদি অঞ্চলৰ বিশেষকৈ চাহ বাগানৰ দৰিদ্ৰ শ্ৰমিক সকলৰ চিকিৎসা সেৱাত ব্ৰতী হৈ থাকোতেই অত্যাধুনিকতা তথা আভিজাত্যৰ সাজ পিন্ধিবলৈ সময়েই নাপালে ডাঃ জ্যোতিষ প্ৰসাদ চৌহান নামৰ এই সহজ সৰল শিল্পী তথা চিকিৎসকজনে ৷ নিজৰ হৃদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিকিৎসা সেৱাৰ মাজতো ভাস্কৰ্য শিল্প চৰ্চা অব্যাহত ৰখা শিল্পী গৰাকীৰ ভাস্কৰ্য শিল্পই বিভিন্ন সময়ত বিভিন্নজনৰ সমাদৰ লাভ কৰাৰ লগতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা তথা দেশৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতিকে ধৰি বহুজনৰ প্ৰশংসা লাভ কৰিছিল ৷ জানো আহক কেনে আছে তেওঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.