বনমন্ত্ৰীৰ গৃহ জিলাতে সুৰা নহ’লে কাম কৰিব নোৱাৰে বনকৰ্মীয়ে ! - cachar district etv bharat news
🎬 Watch Now: Feature Video
যি সময়ত ৰাজ্যৰ বনবিভাগক আধুনিকিকৰণৰ কাৰণে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইটোৰ পিছত সিটো পৰিকল্পনা গ্ৰহণ কৰি আহিছে, সেই সময়ত বনবিভাগৰ একাংশ কাৰ্যালয়ত কি চলে আপুনি জানেনে ? নিশা হলেই বন বিভাগটোৰ কাৰ্যালয়ত কি কৰে বন কৰ্মী- বিষয়া সকলে ? খোদ বনমন্ত্ৰীৰ গৃহ জিলাৰ বন বিভাগৰ সদৰ কাৰ্যালয়ৰ কৰ্মী-বিষয়া নিশা হ’লে ব্যস্ত হৈ পৰে সুৰাৰ পাৰ্টিত ৷ শিলচৰস্থিত কাছাৰ জিলা বন সংমণ্ডল কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ বন ৰক্ষাৰ পন লৈ দৰমহাৰ নামত মাহে মাহে চৰকাৰৰ ধন সৰাধ কৰি অহা কাৰ্যালয়টোৰ অধিকাংশ বিষয়া কৰ্মীৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে বন মাফিয়াৰে মিলি বন ধ্বংস চলাই যোৱাৰ অভিযোগ ৷ সম্প্ৰতি শেহতীয়াকৈ নিশা এই কাৰ্যালয়টোৰ ভিতৰচৰাত উদ্ঘাটন হোৱা সুৰাৰ পাৰ্টিৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ এয়াই হৈছে অসমৰ বনবিভাগৰ একাংশ অকৰ্মন্য দায়িত্বহীন বনকৰ্মীৰ নমুনা ৷ নিজৰ গৃহ জিলাতে নিজৰ বিভাগটোৰ এইসকল বনকৰ্মীৰ কৰ্মকাণ্ড প্ৰত্যক্ষ কৰাৰ পাছত বনমন্ত্ৰী গৰাকীয়ে কেনেধৰণ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়তহে হ’ব লক্ষণীয় ৷