গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
🎬 Watch Now: Feature Video
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ হাস্পতালত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷ অৱশ্যে স্বাস্থ্যৰ লগতে হাস্পতালখনৰ চিকিৎসা সম্বন্ধীয় সকলো দিশৰো তদাৰক কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷