thumbnail

চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী

By

Published : Dec 13, 2021, 6:29 PM IST

চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছতে বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ কোনো ইছ্যু নোহোৱা হ'ল ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu at Dibrugarh)ৰ ৷ ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা(BJP OBC Morcha State Executive Meeting)ত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত উপস্থিত হয় মন্ত্ৰীগৰাকী(Ranoj Pegu visit Dibrugarh) ৷ কাৰ্যনিৰ্বাহক সভাখনত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অখিল গগৈয়ে বিশেষকৈ বিভিন্ন বিষয়ত মাত মাতিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়ে ৷ কিন্তু অসম চৰকাৰে জাতীয়তাবাদ, আঞ্চলিকবাদ, কৃষকৰ সমস্যা আদি সকলো বিষয়ত ইতিবাচক পদক্ষেপ লোৱা বাবেই চৰকাৰ কাম-কাজক ৰাইজে আদৰি লৈছে আৰু বিৰোধীৰ ইছ্যু নোহোৱা হৈছে । তেওঁ লগতে আগন্তক পৌৰসভা নিৰ্বাচনক লৈও নেতৃত্বই জিলা ভিত্তিত সিদ্ধান্ত ল'ব বুলি সদৰি কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.