তিব্বতীয় ভাষাত চীনক সকিয়নী ভাৰতত বাস কৰা তিব্বতীয়ানৰ
🎬 Watch Now: Feature Video
ভাৰত-তিব্বত যুটীয়া মঞ্চৰ আহ্বায়ক জিগমে চুলত্ৰিম আৰু ছিক্কিম সহযোগী পেমা ৱাংদা ভূটীয়াই ইটিভি ভাৰতৰ লগত হোৱা এক সাক্ষাতত কয় যে চীনে অকল তিব্বতৰ লোককেই স্বৈৰচাৰিতা কৰা নাই সমগ্ৰ এছিয়াৰ লগতেই কৰিছে । বিগত ৬০ বছৰ ভাৰতত ৰাজনৈতিক সূত্ৰে বসবাস কৰা এই সকল তিব্বতৰ লোক আজি নিজ মাতৃ ভূমিৰ পৰা আঁতৰি আহি এনেদৰে বিক্ষোভ আৰম্ভ কৰিছে । তিব্বতৰ ভাষাতে চীনক সকিয়নী প্ৰদান কৰিছে এই সকল লোকে । তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাৰ ধৰ্মবাণীৰে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে । অসমক বাদ দি ভাৰতৰ ১১ খন ৰাজ্যত তিব্বতৰ ৮০ টা গোট আছে । চাওক এক বিশেষ প্ৰতিবেদন
Last Updated : Nov 19, 2020, 9:55 PM IST