তৃতীয় স্থানত জিলিকিল লখিমপুৰৰ নাৰায়নপুৰৰ দেবিস্মা প্ৰিয়া বৰা - নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰা
🎬 Watch Now: Feature Video

লখিমপুৰ, 6 জুন: ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 ৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ মুঠ 42 কৃতী গৰাকী ছাত্ৰ ছাত্ৰী ৷ ইয়াৰ মাজতে লখিমপুৰ জিলাৰ মুঠ 5 গৰাকী ছাত্ৰ-ছত্ৰীয়ে লাভ কৰিছে স্থান ৷ সৰ্বমুঠ 591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰাৰ মনৰ বতৰা জনালে আমাৰ সাংবাদিকে ৷