বিহুমঞ্চৰ বাবে সাজু সৰুদৈয়া সাংস্কৃতিক দল - বৰ অসমৰ ৭ভনীৰ নৃত্য
🎬 Watch Now: Feature Video

পদূলি মূৰত হেঁপাহৰ ৰঙালী ৷ অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী থকাৰ সময়তে বিহুমঞ্চৰ বাবে সাজু হৈছে কাকপথাৰ সৰুদৈয়া সাংস্কৃতিক দল ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰ অসমৰ ৭ ভনীৰ নৃত্যৰে অসমৰ বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে দলটিয়ে ৷ ইতিমধ্যে আখৰা প্ৰায় অন্তিম পৰ্যায়ত বুলি জানিবলৈ দিয়ে আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ মৰাণ, বড়ো, দেউৰী, কছাৰি, মিচিং, চিংফৌকে ধৰি বহুকেইটা জনগোষ্ঠীৰ নৃত্যৰে বাৰে-ৰহণীয়া সাংস্কৃতিক দলটো সাজু হৈছে বিহুলৈ বুলি ৷