পুনৰ কাৰ্যক্ষম কৰা হ’ব সোণাৰিৰ লংপতীয়াত বীজপাম - longpotia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13603213-thumbnail-3x2-news.jpg)
সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯৬৯ চনতে স্থাপন কৰা লংপতীয়াত বীজপামখন বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি মৃতপ্ৰায় অৱস্থাত পৰি ৰৈছিল ৷ দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ পাছত এতিয়া কৃষি বীজপামখন কাৰ্যক্ষম কৰাৰ বাবে চৰাইদেউ জিলা কৃষি বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰি কৃষি বিভাগৰ সহযোগিতাৰে কিদৰে কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰিব পাৰি তাক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ সহযোগিতাত কৃষি বিভাগে কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে হাল বোৱাৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰিছে ৷