শিৱসাগৰত অনিয়ন্ত্ৰিত ক’ভিড পৰিস্থিতি: লক ডাউনৰ সম্ভাৱনা নাই

By

Published : Jul 8, 2021, 2:21 PM IST

thumbnail
শিৱসাগৰ জিলাত ক’ভিড 19 ৰ পৰিস্থিতি আংশিক উন্নত হৈছে যদিও এতিয়ালৈ নিয়ন্ত্ৰণত অহা নাই পৰিস্থিতি ৷ এতিয়াও জিলাখনত 3.1 শতাংশ হাৰত ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত হৈ আছে । শিৱসাগৰ জিলাত বুধবাৰে নতুনকৈ 78 গৰাকী ৰোগী কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে চাৰিজন ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ লগতে শিৱসাগৰত মৃত্যুৰ হোৱা লোকৰ সংখ্যা 97 জনলৈ বৃদ্ধি পাইছে । আনহাতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা আজিলৈকে আক্ৰান্তৰ সংখ্যা 7794 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে সক্ৰিয় হৈ আছে ৭৯৭ গৰাকী ৰোগী ৷ অৱশ্যে জিলাখনত সংক্ৰমণৰ হাৰ হ্ৰাস নাপালে সম্পূৰ্ণ লক ডাউনলৈ যোৱাৰ সম্ভাৱনা নাই বুলি শিৱসাগৰ জিলাৰ উপায়ুক্তই জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.