দহটাকৈ দাবীৰে 2 অক্টোবৰত প্ৰতিবাদ কৰিব কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই
🎬 Watch Now: Feature Video
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিলুপ্তি ঘটোৱা পুতলা নাচ আৰু প্ৰদৰ্শন, শিশু পুথিভঁৰাল, শব্দ জ্যোতি টেৰেকটা উদ্যোগ, সৌৰ প্ৰকল্প আদিৰ পুনৰ উদ্ধাৰৰ লগতে কলাক্ষেত্ৰৰ আধৰুৱা নিৰ্মীয়মান প্ৰকল্প সমূহ সময়ভিত্তিত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি সন্থাই এই দাবী উত্থাপন কৰাৰ লগতে কলাক্ষেত্ৰৰ ভূমি ভৱন সমূহ যাতে কোনো ক্ষেত্ৰতে আন অনুষ্ঠান প্ৰতিষ্ঠান সমূহক আৱন্টন দিব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই দাবী জনায় ৷ সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক কবিন্দ্ৰ দাসে অসম চৰকাৰে গঠন কৰি দিয়া এচেচমেন্ট কমিটিৰ এচেচমেন্ট ৰিপ’ৰ্ট মতে 2018 চনত স্থায়ীকৰণ কৰা 40 জন কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু LIC পেঞ্চনৰ সুবিধা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ ৰিপোৰ্ট মতে দ্বিতীয় পৰ্যায়ত আৰু তৃতীয় পৰ্যায়ৰ মুঠ 38 জন কৰ্মচাৰী স্থায়ীকৰণ 2019 বৰ্ষৰ মাৰ্চত আৰু 2020 বৰ্ষৰ মাৰ্চৰ ভিতৰত সম্পন্ন হ'ব লাগিছিল ৷ যাৰ বাবে অচিৰেই এই 38 গৰাকী কৰ্মচাৰীক স্থায়ী নিযুক্তি প্ৰদান কৰি দৰমহা সমূহ বকেয়া হিচাপে প্ৰদান কৰিবলৈ দাবী জনাই কবিন্দ্ৰ দাসে ৷ উক্ত দাবী কেইটাকে ধৰি মুঠ দহটা দাবী সমাধানৰ দাবীত অহা 2 অক্টোবৰত গণতান্ত্ৰিক পদ্ধতিতে আন্দোলনৰ কাৰ্যসূচী পালন কৰা হ'ব বুলিও জনালে কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই ৷