চামগুৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত - ভোটগ্ৰহণৰ মাজতে সংঘাত
🎬 Watch Now: Feature Video

ভোট গ্ৰহণৰ মাজতে নগাঁৱৰ চামগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ পৰিস্থিতি ৷ চামগুৰিৰ পেনাইৰ ৫৮ নং ভোট গ্ৰহণ কেন্দ্ৰত কংগ্ৰেছ কৰ্মীৰ দ্বাৰা ৰেগিঙৰ অভিযোগ বিজেপিৰ । দুই দলৰ মাজত হোৱা সংঘৰ্ষত আহত আবুল আহমেদ নামৰ এজন বিজেপি কৰ্মী ৷ সংকটজনক অৱস্থাত কৰ্মীজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত । অভিযোগ অনুসৰি কংগ্ৰেছৰ সমৰ্থকে ভাঙিলে বিজেপি নেতাৰ বাহন ৷ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷