চাপৰত খহনীয়া পৰিদৰ্শন বিধায়ক ছামচুল হুদাৰ - চাপৰত খহনীয়া পৰিদৰ্শন বিধায়ক ছামচুল হুদাৰ
🎬 Watch Now: Feature Video

বাৰিষা অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ ৷ যাৰ বাবে নৈপৰীয়া ৰাইজে প্ৰতি মুহূৰ্ততে ভয় আৰু আশংকাত দিন কটাবলগীয়া হৈছে ৷ ইয়াৰ মাজতে সষ্টম হৈ পৰিছে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদা ৷ বিধায়কগৰাকীয়ে চাপৰৰ বহলপুৰৰ জালিকুৰাত চম্পাৱতী নৈৰ ওপৰত থকা বান্ধ,মথাউৰি আৰু গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভঙা বান্ধ তথা অসম্পূৰ্ণ মথাউৰিসমূহৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷ বিধায়কগৰাকীয়ে কয় যে, গৰাখহনীয়াৰ বাবে বহু লোকে ঘৰ-বাৰী হেৰুৱাই ঠাইৰ অভাৱত বন বিভাগৰ ভূমিত থাকিবলগীয়া হৈছে ৷ উচ্ছেদিত সেইসকল লোকক পাচত একাংশই সন্দেহজনক নাগৰিক বা বাংলাদেশী বুলি অভিহিত কৰে বুলিও হুদাই অভিযোগ উত্থাপন কৰে ৷