চৰকাৰে সঠিক সময়ত পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই ! - বোকাখাট
🎬 Watch Now: Feature Video
মৰিয়নী, 22 জুলাই: "চৰকাৰে সঠিক সময়ত পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই" ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বোকাখাটৰ বানাক্ৰান্ত সকলৰ মাজত সাহায্য বিতৰণ কৰিবলৈ গৈ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ৷ বিধায়ক গৰাকীয়ে দিচৈ পঞ্চায়তৰ কেইবাখনো গাঁৱত বিভিন্ন খাদ্যৰ লগতে কাপোৰ আৰু চেণ্ডেল বিতৰণ কৰে ৷ ইয়াৰোপৰিও তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰ খনে অসমক মাহী আইৰ চকুৰে চাইছে ৷