কলগাছিয়াত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ - কলগাছিয়াত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ
🎬 Watch Now: Feature Video
অনিয়ম আৰু দুৰ্নীতিৰে ভৰি পৰিছে ৰাজ্যৰ কেইবাটাও খণ্ড ৷ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন বিভাগত বহু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে কলগাছিয়াৰ গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ ৰাস্তা নিৰ্মাণত । অৰ্ধ নিৰ্মিত কাম কৰি ব্যপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰে উল্লেখ কৰা অনুসৰি, কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতিয়ে সংঘটিত কৰিছে এই অনিয়ম ৷ জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গুনীয়ালগুৰি গাঁৱত ২০১৮-১৯ বৰ্ষৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত আবন্টিত ৩ লাখ টকা ব্যায় সাপেক্ষে ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । কিন্তু সম্পূৰ্ণ কাম নকৰি সমুদায় ধন আত্মহাৎ কৰে কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই ৷ যাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই বিষয়ে এখন লিখিত অভিযোগ নামা দাখিল কৰিব ৷ পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এই দুৰ্নীতি তথা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷