মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

By

Published : Apr 22, 2021, 12:31 PM IST

thumbnail
লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী দুৰ্বৃত্তৰ দলে ৷ এই অপহৰণ কাণ্ডৰ লগত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে ৷ কিন্তু এই সন্দৰ্ভত বৰ্তমানেও আলফা স্বাধীনে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷ লাকুৱাৰ অ’এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰীৰ অপহৰণৰ খবৰে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তেই তিতাবৰ বৰহোলা নাঙল গাঁৱৰ অপহৃত ONGC কণিষ্ঠ টেকনিছিয়ান ৰিতুল শইকীয়াৰ পত্নীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া ৷ কোলাত চাৰি মহীয়া কেঁচুৱা লৈ অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ কাতৰ আহ্বান । কোন জড়িত আছে এই অপহৰণ কাণ্ডৰ লগত, সোনকালে স্পষ্টীকৰণ দিয়ক আৰু সোঁ-শৰীৰেৰে উভতাই দিয়ক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.