ETV Bharat / state

অসম সাহিত্য সভাৰ নতুন সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা হ'ল অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতিৰ লগতে প্ৰধান সম্পাদকৰ নাম ।

ASSAM SAHITYA SABHA ELECTION
অসম সাহিত্য সভাৰ নতুন সভাপতি,উপ-সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2024, 9:01 PM IST

Updated : Dec 29, 2024, 10:08 PM IST

গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল । বিতৰ্কৰ মাজতেই ঘোষণা হ'ল অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতিৰ লগতে প্ৰধান সম্পাদকৰ নাম । বিগত সময়ত এটাৰ পিছত আন এটা বিতৰ্কই লগ নেৰা অসম সাহিত্য সভাৰ নতুন সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তেই বিষয়টোক লৈ হৈছিল চৰ্চা । ৰাজ্য়ৰ কেইবাগৰাকী বিশিষ্ট সাহিত্য়িকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছিল যদিও ইয়াকে চলি থকা বিতৰ্কৰ বাবেই পেনেলৰ পৰা তিনিগৰাকীয়ে প্ৰত্য়াহাৰ কৰিছিল নিজৰ নিজৰ নাম । অৱশেষত দেওবাৰে ঘোষণা হ'ল নতুন সভাপতিৰ নাম ।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল বিশিষ্ট সাহিত্য়িক তথা গৱেষক ড৹ বসন্ত কুমাৰ গোস্বামী । তেওঁ ৪০৩ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে প্ৰতিদ্বন্দী ড৹ উপেন ৰাভা হাকাচাম লাভ কৰে ৩২৫ টা ভোট । উল্লেখ্য় যে ইয়াৰ পূৰ্বতে প্ৰধান সম্পাদক পদত অলংকৃত কৰিছিল বসন্ত কুমাৰ গোস্বামীয়ে ।

উপ-সভাপতি পদত পদুম ৰাজখোৱা :

আনহাতে, উপ-সভাপতি পদত ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতাৰ অন্তত পদুম ৰাজখোৱাই ৩৯৩ টা ভোট লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হয় । পদুম ৰাজখোৱাই ইয়াৰ পূৰ্ব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজখোৱাৰ প্ৰতিদ্বন্দী ডাঃ বিপিন কলিতা আৰু চহিৰ ভূঞাই লাভ কৰে ক্ৰমে ২৪৬ টা আৰু ১০০ টা ভোট । বাতৰি লিখাৰ সময়লৈকে সভাৰ প্ৰধান সম্পাদক পদৰ ভোট গণনা সম্পূৰ্ণ হোৱা নাই । সাহিত্য সভাৰ বিশেষ সূত্ৰৰ পৰা এই তথ্য সংগ্ৰহ কৰা হৈছে যদিও এই মুহুৰ্তলৈ নিৰ্বাচনী সমিতিয়ে আনুষ্ঠানিক ফলাফল ঘোষণা কৰা নাই ।

দেৱজিৎ বৰা প্ৰধান সম্পাদক :

আনহাতে সাহিত্য সভাৰ প্ৰধান সম্পাদক পদত ৪০৫ টা ভোট লাভ কৰি জয়ী হয় দেৱজিৎ বৰা । বৰাৰ প্ৰতিদ্বন্দি ড০ অজিত প্ৰসাদ শৰ্মাই ২৪০ টা ভোট আৰু ড০ সঞ্জীৱ শৰ্মা ৯৭ টা ভোট লাভ কৰে ।

সপ্তম পূৰ্ণাংগ কার্যনির্বাহক সভা:

উল্লেখ্য যে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত দদৰাৰ ভৃগু কুমাৰ ফুকন প্রেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কার্যনির্বাহক সভা । এই কাৰ্যনিৰ্বাহ সভাৰ পিছত সভাপতি,উপ-সভাপতি আৰু প্রধান সম্পাদকৰ পদৰ ভোট গণনা অনুষ্ঠিত হয় ।

প্ৰণিধানযোগ্য় যে যোৱা ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্রধান সম্পাদক নিৰ্বাচনৰ ভোটদান প্রক্রিয়া । ইয়াৰ পিছতে বেলট বাকচসমূহ গুৱাহাটীৰ মেঘদূত ভৱনতে ৰখা হৈছিল । প্ৰথমতে সভাপতি পদৰ বাবে ড৹ গোবিন্দ প্রসাদ শর্মা,ড৹ ভীমকান্ত বৰুৱা,ড৹ উপেন ৰাভা হাকাচাম,ড৹ বসন্ত কুমাৰ গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ নাম সন্নিৱিষ্ট কৰি পেনেল প্রকাশ কৰিছিল সাহিত্য সভাৰ নির্বাচনী সমিতিয়ে । পৰৱৰ্তী সময়ত ড৹ ভীমকান্ত বৰুৱা,ড৹গোবিন্দ প্রসাদ শৰ্মা আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰত্যাহাৰ কৰে নাম । ফলত ড৹ উপেন ৰাভা হাকাচাম আৰু ড৹ বসন্ত কুমাৰ গোস্বামীৰ মাজতে সভাপতি পদক লৈ প্রতিদ্বন্দ্বিতা হয় ।

আনহাতে, অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে ৫ গৰাকীয়ে উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল । তেওঁলোকৰ ভিতৰত অজয় সিংহ আৰু নৰহৰি চুতীয়াৰ মনোনয়ন বাতিল কৰা হৈছে । ডাঃ বিপিন চন্দ্ৰ কলিতা, চহিৰ ভূঞা আৰু পদুম ৰাজখোৱাৰ মনোনয়ন পত্র বৈধ বিবেচিত হয় । প্রধান সম্পাদক পদৰ বাবে তিনিগৰাকীয়ে মনোনয়ন দাখিল কৰিছিল । প্রধান সম্পাদক পদত সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্রসাদ শৰ্মা আৰু দেৱজিৎ বৰাৰ মাজত হৈছে প্রতিদ্বন্দ্বিতা । এইবাৰ মুঠ ৮৪৯ খন জিলা আৰু শাখাই ভোটদানৰ অধিকাৰ লাভ কৰিছিল । ৰাজ্যৰ বিভিন্ন স্থানৰ শাখাসমূহৰ লগতে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আদিত থকা অসম সাহিত্য সভাৰ শাখাসমূহেও ভোটদান কৰিছে ।

লগতে পঢ়ক:ভোটগণনাৰ পূৰ্বে মাৰপিট; পুনৰ বিতৰ্কত অসম সাহিত্য সভা - ASAM SAHITYA SABHA CONTROVERSY

সংবিধান অনুসৰিহে নিৰ্বাচনী পদ্ধতি অৱলম্বন কৰা হৈছে: সূৰ্যকান্ত হাজৰিকা - ASSAM SAHITYA SABHA

Last Updated : Dec 29, 2024, 10:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.