বাক্সা: ৰাজ্য়ত এতিয়া বনভোজৰ বতৰ ৷ বিদায়ী বছৰৰ অন্তিম মাহৰ পৰাই যেন আৰম্ভ হৈছে ইংৰাজী নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ৷ প্ৰকৃতিৰ বুকুত মুকলি মনেৰে এসাঁজ লগে-ভাগে খাই আনন্দ লোৱাৰ বাবে আজি বিদায়ৰ বাবে সাজু হোৱা বছৰটোৰ অন্তিমটো দেওবাৰে বিভিন্নজনে প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ গৈ খালে এসাজ ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱত বছৰটোৰ অন্তিমটো দেওবাৰে বনভোজকাৰীৰ দলে ভিৰ কৰে ৷ ২০২৪ চনক বিদায় দি নতুন বছৰ এটাক আদৰাৰ প্ৰস্তুতি ৷ শীতৰ সেমেকা বতৰত লগে-ভাগে এসাজ খোৱাৰ বতৰ ৷ পানীৰ বাবে বিখ্যাত হৈ পৰা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱতো বনভোজকাৰী দলৰ আগমন ঘটিছে ৷ ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে-ভাগে পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে আজি ৰাজ্যৰ ভিন্ন স্থানৰ পৰা উপস্থিত হৈছে বনভোজকাৰী দল ৷
ভূটান পাহাৰৰ সেউজ পৰিৱেশ, দিৰিং নদীৰ কুলু কুলু শব্দ, বিশাল শিলৰ মাজত বনভোজকাৰী আত্মহাৰা হৈ পৰে ৷ উল্লেখ্য যে জিলাখনৰ ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠা দাৰাগাঁও বনভোজস্থলীত বনভোজকাৰীসকলৰ মনোৰঞ্জনৰ বাবে আছে বিশেষ ব্যৱস্থা ৷ জীপ লাইন,আৰ্চাৰীকে ধৰি বিভিন্ন ব্যৱস্থা কৰিছে কেনৰী এডভেঞ্চাৰ ক্লাৱে ৷
আনহাতে, বনভোজস্থলীসমূহত গঢ়ি উঠা দোকানসমূহতো বিভিন্ন জনজাতীয় খাদ্য সামগ্ৰী উপলব্ধ হৈছে ৷ ইতিমধ্যে দাৰাগাঁও স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে এই সন্দৰ্ভত কয়," বনভোজকাৰী দলে কোনো ধৰণৰ সংগীত উচ্চ প্ৰাবল্য়ত বজাব নোৱাৰিব । লগতে প্লাষ্টিকৰ গিলাছ, ডিছ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব ৷"