ৰিপ’ৰ্ট কাৰ্ড:শিৱসাগৰ জিলাৰ দুটা সমষ্টিৰ বিশেষ বিৱৰণ... - থাওৰা সমষ্টিত বিজেপিৰ কুশল দুৱৰী
🎬 Watch Now: Feature Video
শিৱসাগৰ জিলাত মুঠ সমষ্টি 4 টা আৰু মুঠ ভোটাৰ 517476 সমষ্টি কেইটা হ’ল আমগুৰি, থাওৰা, শিৱসাগৰ, নাজিৰা ৷
2016 চনৰ নিৰ্বাচনত আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকাই লাভ কৰে 42010 টা ভোট আৰু কংগ্ৰেছৰ অংকিতা দত্তই লাভ কৰে 40390 টা ভোট ৷ থাওৰা সমষ্টিত বিজেপিৰ কুশল দুৱৰীয়ে লাভ কৰে 41560 টা ভোট আৰু কংগ্ৰেছৰ সুশান্ত বৰগোঁহায়ে লাভ কৰে 40334 টা ভোট ৷ শিৱসাগৰত প্ৰয়াত প্ৰণৱ কুমাৰ গগৈয়ে লাভ কৰিছিল 48584 টা ভোট আৰু বিজেপিৰ সুৰভি ৰাজকোঁৱৰে লাভ কৰে 48042 টা ভোট ৷ কিন্তু 2019 চনৰ পহিলা ভাগতে প্ৰণৱ কুমাৰ গগৈৰ মৃত্যু হোৱাত সমষ্টিটো চৰকাৰৰ অধীনলৈ যায় ৷ নাজিৰাত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই লাভ কৰিছিল 52869 টা ভোট আৰু বিজেপিৰ প্ৰহ্লাদ গোৱালাই লাভ কৰে 38014 টা ভোট ৷ ইফালে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ আৰু তেখেতৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷ থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী দশম শ্ৰেণী উত্তীৰ্ণ আৰু তেওঁৰ বিৰুদ্ধে আছে তিনিটাকৈ গোচৰ ৷ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু তেওঁৰ বিৰুদ্ধে আছে এটা আইনী গোচৰ ৷