শিৱসাগৰৰ জামে মছজিদত পৰিস্ফুট হ’ল ধৰ্মীয় ঐক্যতান - ধৰ্মীয় উপাসনা গৃহ
🎬 Watch Now: Feature Video
ধৰ্মীয় উপাসনা গৃহসমূহ ধৰ্ম সাপেক্ষে বেলেগ বেলেগ হয় যদিও এই গৃহৰ দুৱাৰ খোলা থাকে সকলোৰে বাবে ৷ কিয়নো সকলো ধৰ্মই দিয়ে মানৱ কল্যাণৰ বাৰ্তা ৷ প্ৰতিটো ধৰ্মই শিকাই মানৱতাৰ শিক্ষা । দেওবাৰে শিৱসাগৰ জিলাৰ বেতবাৰী লুথুৰী চেতিয়া গাঁৱৰ ঘিলাগুৰিস্থিত জামে মছজিদৰ নৱ নিৰ্মিত গৃহ উন্মোচনী অনুষ্ঠানত দেখা গ’ল এনে এক পৰিৱেশ । ১৯৩৫ চনত স্থাপন হোৱা এই মছজিদৰ নতুন উপাসনা গৃহ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত নিৰ্মাণ কৰি দেওবাৰে মুকলি কৰা হয় ইয়াৰ দ্বাৰ । এই দ্বাৰ মুকলি অনুষ্ঠানত বেতবাৰী অঞ্চলৰ বিভিন্ন ধৰ্ম নিৰ্বিশেষে বহু ব্যক্তি উপস্থিত থাকি পুনৰ প্ৰমাণ কৰে শিৱসাগৰৰ লগতে অসমৰ ধৰ্মীয় সম্প্ৰীতিৰ কথা ।