MICRO FINANCE LOAN : কি কয় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই - MICRO FINANCE LOAN

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2021, 10:17 PM IST

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ (MICRO FINANCE LOAN ) ৰেহাই দিয়া সন্দৰ্ভত চৰকাৰে ধাৰ্য কৰা নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । উল্লেখ যে, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ (MICRO FINANCE) ৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ লোকে লোৱা ঋণ মাফ কৰা হ'ব বুলি বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল । চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল যে অসমৰ ৰাইজে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ (MICRO FINANCE LOAN )ৰ পৰা লোৱা ধন আৰু তাৰ সুদ(Interest) চৰকাৰে পৰিশোধ কৰিব । এই গোটেই বিষয়টো পৰ্যালোচনা কৰি প্ৰতিবেদন দিয়াৰ বাবে চৰকাৰে মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত সমিতি গঠন কৰি দিছিল । উচ্চস্তৰীয় সমিতিখনে শুকুৰবাৰে ঋণ ৰেহাইৰ ক্ষেত্ৰত কেতবোৰ নিয়ম-নীতি বান্ধি দিয়ে । এই নিয়মসমূহক লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । উল্লেখ্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহতে দেবব্ৰত শইকীয়াই অসমৰ ৰাজ্যপাল দৃষ্টি আকৰ্ষণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰি অসমত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ কৰিবলৈ এখন আইনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছিল ৷ আনকি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহ যাতে নীতি-নিয়মৰ মাজেৰে চলে তাৰ বাবে অসমত এখন আইন আনিব লাগে বুলি এটা বিধানসভাত বেচৰকাৰী প্ৰস্তাৱ দিছিল ৷ ৩০ ডিচেম্বৰ ২০২০ তাৰিখে সেই সময়ৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিবলৈ এখন আইন আনিছিল । আৰু নিৰ্বাচনৰ সময়ত বিজেপিয়ে চৰকাৰে 2021 চনৰ নিৰ্বাচনত জয়ী হ’লে মাইক্ৰফাইনেন্সৰ ঋণ (MICRO FINANCE LOAN ) ৰেহাই কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.