জামিন লাভ কৰিয়েই অশোক শইকীয়াই ক’লে "মই নিৰ্দোষী" - Ashok Saikia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 8, 2021, 5:36 PM IST

প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ ৷ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন ৷ উল্লেখ্য যে, চিবিআয়ে ২০০১ চনত অশোক শইকীয়াৰ বিৰুদ্ধে এছকাৰ্ড বেংকৰ ঋণৰ সন্দৰ্ভত ৰুজু কৰিছিল দুটাকৈ গোচৰ ৷ এছকাৰ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগত দেওবাৰে সন্ধিয়া সৰুমটৰীয়াস্থিত বাসভৱনৰ পৰা চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল অশোক শইকীয়াক ৷ অভিযোগ অনুসৰি, ১৯৯৬ চনত ১ লাখ ৭০ হাজাৰ টকাৰ ঋণ লৈছিল শইকীয়াই ৷ পৰৱৰ্তী সময়ত ২০১৫ চনত সেই ঋণৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকা পৰিশোধ কৰা হৈছিল ৷ বেংকটোৰ পৰা ঋণমুক্ত হোৱাৰ প্ৰমাণ পত্ৰও দাখিল কৰে অশোক শইকীয়াই ৷ কিন্তু বেংক কৰ্তৃপক্ষই এই তথ্য চিবিআইৰ আদালতক অৱগত নকৰাৰ বাবে গোচৰটো এতিয়াও বিচাৰধীন হৈ আছে ৷ চিবিআয়ে এটা নিশা নিজৰ জিম্মাত ৰখাৰ পিছতে জামিন লাভ কৰে অশোক শইকীয়াই ৷ মঙলবাৰে পুনৰ আদালতত শুনানি হ'ব এই গোচৰৰ ৷ আদালতৰ নিৰ্দেশমৰ্মে পুনৰ হাজিৰ হ'ব লাগিব অশোক শইকীয়া ৷ জামিন লাভ কৰিয়েই সংবাদ মাধ্যমক সম্বোধন কৰি অশোক শইকীয়াই কয় যে, "মই নিৰ্দোষী, ১৯৯৬ ৰ পৰাই চলি আছে ৰাজনীতি" ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.