কেৱল 5 টকাত 45 কিল'মিটাৰ চলাব পৰা বাইক উদ্ভাৱন কৰিলে ৰঙিয়াৰ চন্দনে

By

Published : Oct 20, 2019, 9:43 AM IST

thumbnail
ৰঙিয়া, 20 আক্টোবৰঃ ৰঙিয়াৰ যুৱক চন্দন কলিতাৰ উদ্ভাৱনে চমক দিছে সকলোকে চমক দিবলৈ সক্ষম হৈছে ৷ পঞ্জীয়ন প্ৰমান পত্ৰৰ ম্যাদ উকলি যোৱা সাধাৰণ বাইকৰ পৰা চন্দন কলিতাই নিৰ্মান কৰি উলিয়াইছে এখন ই-বাইক ৷ পেছাত এগৰাকী অট'ম'বাইল ইঞ্জিনীয়াৰ চন্দনে অশেষ কষ্ট আৰু অধ্যাৱসায়ৰ অন্তত নিৰ্মান কৰি উলিওৱা বাইকখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷  চাৰিটা 12 ভল্টৰ বেটাৰী সংযোগ হৈ থকা বাইখন এবাৰ সম্পূৰ্ণ চাৰ্জ হ'লে 45 কিলমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে ৷ অথাৎ 40 - 45 কিলমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে খবচ হয় কেৱল 5 টকা ৷ প্ৰতি ঘণ্টাত 30 কিল'মিটাৰ বেগেৰে চলা বাইখনত এখন পেট্ৰল চলিত বাইকত উপলব্ধ সকলো সুবিধাই আছে ৷ পেট্ৰলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি আৰু যান-বাহন আইনৰ নতুন নিয়মৰ বাবে ৰাইজে হাৰাশাস্তিৰ সন্মুখিন হোৱাৰ সময়তে চন্দনে নিৰ্মান কৰা ই-বাইকে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.