টীয়কত মইনাজান বিহু হুঁচৰি দলৰ আখৰা
🎬 Watch Now: Feature Video
টীয়কৰ ঐতিহাসিক মইনাপৰীয়া অঞ্চলৰ মইনাজান বিহু হুঁচৰি দলৰ আখৰা ৷ সামাজিক দায়বদ্ধতা তথা কৃষ্টি ৰক্ষাৰে আখৰাত ব্যস্ত টীয়কৰ এই বিহু হুঁচৰি দলটো ৷ বিহু হুঁচৰিৰ ঐতিহ্যৰ সমান্তৰালকৈ বড়ো, তিৱা, ঝুমুৰ, মিচিঙকে ধৰি জনগোষ্ঠীয় নৃত্যৰ মাজেৰে বৰ অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ পৰিচয় তুলি ধৰিছে দলটোৱে । ৰাজ্যৰ ভিন্ন প্ৰান্তত হুঁচৰি প্ৰদৰ্শন কৰি লাভ কৰা অনুদান অঞ্চলটোৰ দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানত প্ৰয়োজনীয় সামগ্ৰী দান কৰি সামাজিক দায়বদ্ধতাত এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইসকল সংস্কৃতিবান তৰুণ প্ৰজন্মই ।