দৰঙৰ আৰক্ষী অধীক্ষকে দাদাগিৰি কৰিছে উচ্ছেদিত স্থানত : ৰাইজৰ দল
🎬 Watch Now: Feature Video
চিপাঝাৰ ধলপুৰত অঞ্চলত আৰক্ষী-প্ৰশাসনে চলোৱা অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে । আৰক্ষীৰ উচ্ছেদ অভিযান সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপ-সভাপতি আজিজুৰ ৰহমান আৰু সম্পাদক আশ্ৰাফুল হুছেইনে গৰুখুটি প্ৰকল্পত আৰক্ষী-প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযানক সম্পূৰ্ণ বে-আইনী আখ্যা দিয়ে । তেওঁলোকে কয় যে, যিহেতু সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ত বিবেচনাধীন হৈ আছে তেনেক্ষেত্ৰত ন্যায়ালয়লত কোনো ধৰণৰ মীমাংসা নোহোৱাকৈ চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰাটো উচিত হোৱা নাই । এইক্ষেত্ৰত ৰাইজৰ দলে বিকল্প সংস্থাপন অবিহনে সকলো ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে । তাৰোপৰি অতিশীঘ্ৰে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু উচ্ছেদিত লোকসকলক চৰকাৰে কমেও ১০ বিঘাকৈ ভূমি আবন্টন দিয়াৰ বাবে দাবী জনাই । লগতে মানৱীয়তাৰ খাতিৰত উছেদিত লোকসকল খোৱাপানী আৰু খাদ্যৰ যোগান ধৰিবলৈ আহ্বান জনাই চৰকাৰক । আনহাতে আৰক্ষীয়ে বৰ্বৰভাবে দুগৰাকী লোকক হত্যা কৰা ঘটনাৰ বাবে দৰং জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক দোষাৰোপ কৰি তেওঁলোকক তাৎকালীনভাৱে নিলম্বনৰ দাবী উত্থাপন কৰে ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাৰ বাবেই দৰং আৰক্ষী অধীক্ষকে উচ্ছেদিত স্থানত দাদাগিৰী কৰাৰো অভিযোগ তোলে ।