জনীয়াত ৰাইজৰ দলৰ বিশাল বাইক ৰেলী

By

Published : Apr 4, 2021, 5:19 PM IST

thumbnail

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত বৰপেটা জিলাৰ জনীয়াত শক্তি প্ৰদৰ্শন ৰাইজৰ দলৰ । সহাস্ৰাধিক বাইকেৰে বিশাল ৰেলী উলিয়ায় ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামে । বিশাল বাইক ৰেলীত উপস্থিত থাকি প্ৰাৰ্থীগৰাকীৰ ঘোষণা তেওঁ বিপুল ভোটত জয়ী হ'ব । বিজেপি দলক তীব্ৰ সমালোচনা কৰে আশ্ৰাফুল ইছলামে । তেওঁৰ মতে অসমৰ পৰা বিজেপি উৎখাত হ'ব আৰু বিজেপি বিৰোধী চৰকাৰ গঠন হ'ব । ইফালে অসমত অমিত শ্বাহ আহি যিমানেই প্ৰচাৰ নচলাওক কিয় নামনি অসমত বিজেপিয়ে এখনো আসন লাভ নকৰে বুলি দাবী কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.