আমিনুল ইছলামক বিক্ৰী যোৱা বিধায়ক আখ্যা ৰাছেল হুছেইনৰ - আমিনুল ইছলাম
🎬 Watch Now: Feature Video

‘‘বিজেপি ক্ষমতাত অহাৰ কাৰণ AIUDF ৷ তথ্য নোহোৱাকৈ ভুৱা অভিযোগ আনিছে BJP আৰু AIUDF য়ে । আমিনুল ইছলাম ডাঙৰীয়াৰ যোগ্যতা নাই, যি জনে ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত ৫০ লাখ টকা লৈ বিক্ৰী গৈছিল ।’’ মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি আমিনুল ইছলামৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন ৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছালমে কৰা অভিযোগৰ প্ৰমাণ বিচৰাৰ লগতে এই অভিযোগৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷