মূল্যবৃদ্ধিৰ বিৰুদ্ধে NSUI-ৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন । দেওবাৰে অভয়াপুৰীৰ কুশবাৰীত বঙাইগাঁও জিলা NSUI ৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চৰকাৰৰ বিৰুদ্ধে । এই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে যি ভাষণ আৰু প্ৰতিশ্ৰুতি সেয়া যেন এতিয়া সম্পূৰ্ণ ৰূপে ফুটুকাৰ ফেনত পৰিণত হৈছে । বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ কাৰ্যকালত সকলো অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে অভাৱনীয় ৰূপ ধাৰণ কৰিছে ৰাজ্যত ।