ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ চাইকেল চলাই প্ৰতিবাদ - পেট্ৰল
🎬 Watch Now: Feature Video

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক । ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ । দুলীয়াজানত শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে চাইকেল ৰেলী বাহিৰ কৰে । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই কমলাবাৰীস্থিত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি হুকুটা চাৰিআলি, পিপলতল তিনিআলি, ১৬ নং তিনিআলি হৈ আকৌ পুনৰ কমলাবাৰীত লগ হৈ ৰেলীৰ সামৰণি পেলায় । প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ ।