thumbnail

By

Published : Nov 22, 2019, 11:48 PM IST

Updated : Nov 23, 2019, 11:49 AM IST

ETV Bharat / Videos

দ্বিতীয় দিনাও কেব বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদত কঁপিল গুৱাহাটী ৷ তিনিচুকীয়াতো কেব বাতিল আৰু মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মটক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷ চচলত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ কৰিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ৷ শুকুৰবাৰে কৃষক মুক্তিৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনতাই কঁপাই তুলিলে মহানগৰীৰ বাট পথ ৷ অখিল গগৈৰ নেতৃত্বত সহস্ৰাধিক জনতাই গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ধ্বনি দি CABৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ সমান্তৰালভাৱে ৰাজ্যৰ আন আন প্ৰান্ততো কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা ৷ চচলত কেব বাতিলৰ দাবীত খিলঞ্জীয়া মঞ্চ অসমে সাব্যস্ত কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ একেদৰে তিনিচুকীয়া চহৰ আৰু ডিব্ৰগড়ৰ চাবুৱাতো কেবৰ বাতিল আৰু অতি শীঘ্ৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মটক ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
Last Updated : Nov 23, 2019, 11:49 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.