thumbnail

By

Published : Jul 20, 2021, 3:26 PM IST

ETV Bharat / Videos

তুংগত বিধায়ক-প্ৰাক্তন বিধায়কৰ সংঘাট: কৰিমুদ্দিনক প্ৰত্যুত্তৰ আমিনুল হক লস্কৰৰ

সোনাই সমষ্টিৰ (Sonai LAC) বিধায়ক কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan)ৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত উত্থাপিত তথ্যৰ বিসংগতিৰ বিৰুদ্ধে মঙলবাৰে মুখ খুলিলে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে (Aminul Haque Laskar) । সোনাইৰ প্ৰাক্তন বিধায়ক লস্কৰে সংবাদমেলযোগে সদৰী কৰা অনুসৰি কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan) ই উচ্চতৰ মাধ্যমিক পৰীক্ষা (HS)ত উত্তীৰ্ণ হোৱা নাই । বিধায়কগৰাকীয়ে জালিয়াতিৰ আশ্ৰয় লৈ প্ৰথমতে কাৰিকৰী অভিযন্তাৰ ডিপ্ল’মাৰ এখন প্ৰমাণপত্ৰ নিজৰ নামত উলিয়ায় ৷ এই প্ৰমাণপত্ৰ সময়ত ভুৱা প্ৰমাণিত হয় । ইয়াৰ পাছত বিধায়কগৰাকীয়ে মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকৰ প্ৰমাণপত্ৰ উলিয়ায় । চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ RTI তথ্যৰ পৰা কৰিমউদ্দিন বৰভূঞা বুলি যে কোনো ছাত্ৰ উক্ত শিক্ষা প্ৰতিষ্ঠানত নাই, সেই কথা প্ৰমাণিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.