অসম ৰাজ্যিক শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সংবাদমেল - Assam State Teachers Employees Coordination Committee
🎬 Watch Now: Feature Video
ৰাজ্যত বৰ্তমান 2013 চনত প্ৰাদেশীকৃত কৰা প্ৰায় 46 হাজাৰ গৰাকী শিক্ষক কৰ্মচাৰী আছে ৷ এই শিক্ষক-কৰ্মচাৰী সকলক নতুন পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিন্তু তেওঁলোকক পুৰণি পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ গঠিত, 2013 চনত প্ৰাদেশীকৃত অসম ৰাজ্যিক শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত সংবাদমেলত সমিতিৰ মুখ্য আহ্বায়ক প্ৰভাত কলিতাই কয় যে-নতুন পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত শিক্ষক কৰ্মচাৰী সকলক পুৰণি পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে ৷ কিয়নো যিসকলে শিক্ষক কৰ্মচাৰীয়ে পেঞ্চন পাইছে তেওঁলোকে মাহেকত 700-2500 টকাহে পেঞ্চন পাইছে ৷ যাৰ ফলত পৰিয়াল পোহপাল দিবলৈ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ৷