সৰুপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

By

Published : Aug 14, 2021, 9:38 AM IST

thumbnail

সৰুপথাৰত তুংগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত চলিছে এই প্ৰস্তুতি ৷ সম্পুৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজেৰে পালন কৰা হ’ব এইবাৰৰ স্বাধীনতা দিৱস ৷ ইতিমধ্যে পেৰেডৰ আখৰাৰ পৰা আৰম্ভ কৰি খেলপথাৰখন সজাই-পৰাই তোলাৰ কাম অব্যাহত আছে ৷ কৰ’ণা বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ স্বাধীনতা দিৱস সীমিত সংখ্যক অনুষ্ঠানৰ মাজেৰে অনুষ্টুপীয়াকৈ পালন কৰিব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ 15 আগষ্টৰ লগত সংগতি ৰাখি আয়োজিত পেৰেডত অংশগ্ৰহণ কৰিব মহকুমা আৰক্ষী বিভাগ, CRPF আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেইবাটাও সীমিত সংখ্যক দলে ৷ তাৰ বাবে যাতে কোনো দুস্কৃতিকাৰীয়ে অঘটন ঘটাব নোৱাৰে তাৰবাবে দিনে-নিশাই সষ্টম হৈ পৰিছে ধনশিৰি মহকুমাৰ আৰক্ষী প্ৰশাসন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.