লখিমপুৰত কেন্দ্রীয় লাচিত দিৱসৰ লাই খুঁটা স্থাপন

By

Published : Nov 10, 2021, 4:35 PM IST

thumbnail

খোল-তালৰ শব্দ, উৰুলিৰ ধ্বনিৰে মুখৰিত হ'ল লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র । বুধবাৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত স্থাপন কৰা হ'ল কেন্দ্রীয় লাচিত দিৱসৰ লাই খুঁটা । বীৰ লাচিত সেনাৰ লখিমপুৰ সমিতিৰ উদ্যোগত ২৩ আৰু ২৪ নৱেম্বৰত লখিমপুৰত অনুষ্ঠিত হ'ব কেন্দ্রীয় লাচিত দিৱস । বুধবাৰে লাই খুঁটা স্থাপন কৰে লাচিত দিৱসৰ উদযাপন সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকাই । বুধবাৰে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় । ইয়াৰ পূৰ্বে উদযাপন সমিতিৰ এখন সভাও অনুষ্ঠিত হৈ যায় । এইবাৰ দুদিনীয়াকৈ আয়োজন কৰা কেন্দ্রীয় লাচিত দিৱসত কেইটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব । খিলঞ্জীয়া জাগৰণ যাত্রা, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ'ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.