স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত আৰক্ষীৰ পেৰেডৰ অনুশীলন - নিৰাপত্তা ব্যৱস্থা
🎬 Watch Now: Feature Video
দেওবাৰে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হোৱাৰ এই বিশেষ দিনটো উদযাপনৰ বাবে সাজু হৈছে দেশবাসী । অসমতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । শিৱসাগৰৰ বর্ডিং খেলপথাৰত অসম আৰক্ষীয়ে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে । নিতৌ বিয়লি বর্ডিং খেলপথাৰত অনুশীলন কৰিছে আৰক্ষী জোৱানসকলে । আনহাতে, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ বাবে একাংশ ছাত্ৰীয়ে অনুশীলন কৰিছে । প্ৰতিকুল বতৰৰ বাবে বর্ডিং খেলপথাৰ যদিও পেৰেডৰ বাবে সম্পূৰ্ণৰূপে উপযোগী হৈ উঠা নাই, তথাপিও অনুশীলন অব্যাহত ৰাখিছে অসম আৰক্ষীৰ এটা বৃহৎ দলে । দেওবাৰে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে পালন কৰা হ'ব দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসটি । সেয়ে, স্বাধীনতা দিৱসৰ অনুষ্ঠানত কুছকাৱাজ প্ৰদৰ্শন কৰিবলৈ শিৱসাগৰ আৰক্ষীয়ে প্ৰস্তুতি চলাইছে । ইফালে, স্বাধীনতা দিৱসৰ বাবে জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । জিলাখনত যাতে কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে ।