জ্যোতিপ্ৰসাদ ৰাজখোৱাৰ সৈতে আজিৰ প্ৰাসংগিক প্ৰেক্ষাপট

By

Published : Nov 29, 2020, 11:18 AM IST

Updated : Nov 29, 2020, 8:40 PM IST

thumbnail
2001 চনত তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সময়ত ৰাজ্যখনৰ পৰিস্থিতি আছিল সকলো দিশৰ পৰাই পুতৌলগা । হত্যা, হিংসা, অপহৰণ, অৰ্থনৈতিক অচলাৱস্থাই ৰাজ্যবাসীৰ মনত নৈৰাশ্যৰ সৃষ্টি কৰিছিল । সেই সময়তে তৰুণ গগৈয়ে দায়িত্ব লৈ সন্মুখীন হৈছিল প্ৰবল প্ৰত্যাহ্বানৰ । আমোলাসকলৰ সু-দিহা, পৰামৰ্শ হৈ পৰিছিল অপৰিহাৰ্য । তেনে প্ৰেক্ষাপটত তেওঁ ৰাজ্যৰ মুখ্য সচিবৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া জ্যোতিপ্ৰসাদ ৰাজখোৱাক । প্ৰফুল্ল কুমাৰ মহন্তৰ আমোলত যোগ্যজনে সন্মান নোপোৱাতো হৈ পৰিছিল এক নিয়ম । স্বাভাৱিকতে যোগ্য স্থানত অধিষ্ঠিত হোৱাৰ পৰা আগৰ চৰকাৰৰ আমোলত বাৰে বাৰে বঞ্চিত হৈছিল জ্যোতিপ্ৰসাদ ৰাজখোৱা । কিন্তু তৰুণ গগৈৰ আগমনে পৰিস্থিতিৰ পৰিৱৰ্তন আনিছিল । মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰথমটো কাৰ্যকালত প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত বিশেষ ভূমিকা লৈছিল মুখ্য সচিব ৰাজখোৱাই। গুপ্ত হত্যাৰ অৱসান কিম্বা বিশ্ব বেংকৰ বৃহৎ বিনিয়োগ সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গগৈৰ ওচৰত আছিল এইগৰাকী আমোলা । ই টিভিৰ এইবাৰৰ "প্ৰাসংগিক প্ৰেক্ষাপট"ত ৰাজ্যৰ অৱসৰী মুখ্য সচিব তথা পৰৱৰ্তী সময়ত অৰুণাচলৰ ৰাজ্যপালৰ আসনত অধিষ্ঠিত জ্যোতিপ্ৰসাদ ৰাজখোৱাই ৰোমন্থন কৰিছে সেই সময়ছোৱাৰ কথা, তৰুণ গগৈৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বীক্ষাৰ কথা ।
Last Updated : Nov 29, 2020, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.