প্ৰদীপ দত্ত ৰয়ে অসমীয়া-বঙালীৰ ভ্ৰাতৃত্ববোধ বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে : গৌতম ৰয়

By

Published : Nov 30, 2021, 6:50 PM IST

thumbnail
বিতৰ্কিত বঙালী নেতা তথা বৰাক ডেম’ক্ৰেটিক ফ্ৰ’ণ্টৰ মুখ্য নেতা প্ৰদীপ দত্ত ৰয়ক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়(Gautam roy criticizes BDF chief Pradip Dutta Roy)ৰ ৷ প্ৰদীপ দত্ত ৰয়ে অসমীয়া-বঙালীৰ মাজৰ ভ্ৰাতৃত্ববোধ(Brotherhood between Assamese and Bengali people) বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে ৷ দেশত এতিয়াও আইন আছে ৷ কোনো ব্যক্তি আইনৰ উৰ্ধত নহয় ৷ দোষ কৰিলে শাস্তি ভুগিবই লাগিব ৷ অসমৰ বাবে এয়া এক 'Sentiment' ৰ বিষয় ৷ চৰকাৰে এই সন্দৰ্ভত স্থিতি গ্ৰহণ কৰিছে ৷ অসমৰ নাগৰিকৰ মনত বৰাকৰ বঙালী ভাষা-ভাষী লোকৰ বিৰুদ্ধে কোনো বিৰূপ মনোভাৱ নাই ৷ সেইবাবেই তেওঁ এগৰাকী বঙালী হৈ সুদীৰ্ঘ 19 বছৰ ধৰি অসম ক্ৰিকেট সংস্থাৰ সভাপতিৰ দায়িত্ব প‍ালন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰাক্তন মন্ত্ৰী ৰয়ে সদৰী কৰে ৷ প্ৰদীপ দত্ত ৰয়ৰ নিচিনা ব্যক্তিসকলৰ বাবে এই ভাতৃত্ববোধ বিনষ্ট হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ শুনক তেওঁৰ মুখেৰে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.