লক্ ডাউনে সলালে নে মানুহৰ স্বভাৱ !

By

Published : May 6, 2020, 5:51 PM IST

thumbnail

লক্ ডাউনৰ ফলত মূলতঃ অৰ্থনীতিকে ধৰি ভিন্ন স্তৰত বিৰূপ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বত ৷ কোটি কোটি টকাৰ ৰাজহ হেৰুৱাই ভাগি পৰিছে দেশৰ অৰ্থনীতি ৷ সংস্থাপন হেৰুৱাই কৰ্মহীন হৈছে চাকৰিয়ালৰ লগতে ব্যৱসায়ী তথা বিভিন্ন স্তৰৰ শ্ৰমজীৱি লোক ৷ কিন্তু ইয়াৰ মাজতেই কিছু কিছু ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাইছে লক্ ডাউনে ৷ যিদৰে লক্ ডাউনৰ ফলত যান্ত্ৰিকতাৰ পৃথিৱীখনত প্ৰকৃতিয়ে উশাহ লৈছে, ঠিক তেনেদৰেই বিভিন্ন বদ অভ্যাসৰ পৰা নিজকে মুক্ত কৰাৰ বাবে মানুহক সুযোগ দিছে লক্ ডাউনে ৷ লক্ ডাউনৰ ফলতেই অনিচ্ছা সত্ত্বেও দীঘলীয়া সময়ৰ বাবে সুৰাপানৰ পৰা বিৰত থাকিবলৈ বাধ্য হ'ল সুৰাপায়ী সকল ৷ ফলত হ্ৰাস পালে গৃহ কন্দল, দুৰ্ঘটনা , বিভিন্ন অপৰাধ জনিত ঘটনা ৷ একেদৰে গুটখা আৰু ধঁপাত সেৱন কৰা সকলেও পৰিস্থিতিৰ দাস হৈ দীঘলীয়া সময়ৰ বাবে পৰিহাৰ কৰিলে নিজৰ বদ অভ্যাস ৷ একেদৰে লক্ ডাউনৰ ফলতেই পদপথৰ কাষৰ দোকানত জিভাৰ তৃপ্তি লোৱা সকলেও দীৰ্ঘ দিনে পানী পুৰি, মম' আদি ফাষ্ট্ ফুদৰ সোৱাদ লোৱাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হ'ল ৷ এই বিপনী সমূহ বন্ধ হোৱাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ল যদিও ই জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.