অস্তিত্ব বিপদাপন্ন হৈ পৰিছে কেঁচাইখাটি পুখুৰীৰ

🎬 Watch Now: Feature Video

thumbnail
শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ কাষতে থকা ঐতিহাসিক কেঁচাইখাটি পুখুৰীৰ অৱস্থা সম্প্ৰতি হৈ পৰিছে কদৰ্যময় ৷ হাবি-জংঘলেৰে আৱৰি ধৰা ঐতিহাসিক পুখুৰীটোৰ অস্তিত্ব এতিয়া বিপদাপন্ন ৷ প্ৰায় দুবিঘা মাটি আৱৰি থকা পুখুৰীতো নাজিৰা উন্নয়ন খণ্ডৰ বৰফুকন গাঁও পঞ্চায়তৰ অধীনষ্ঠ ৷ পঞ্চায়তখনে ২০১৯/২০ বৰ্ষত ৫১ হাজাৰ টকা ব্যয় কৰি পুখুৰীটো পৰিস্কাৰ কৰিছিল যদিও আধৰুৱা হৈ আছে এই কাৰ্য ৷ ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত শিৱসাগৰ প্ৰশাসন নাইবা পুৰাতত্ব বিভাগে গ্ৰহণ কৰা নাই কোনো উপযুক্ত ব্যৱস্থা ৷ ইয়াৰ বাবে স্থানীয় ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.