সৰুপথাৰত চুলাইৰ নৈ বোৱালে অভিযানকাৰী দলে - liquor
🎬 Watch Now: Feature Video

ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰত অব্যাহত আছে আৰক্ষীৰ চুলাই বিৰোধী অভিযান । আৰক্ষীয়ে প্ৰায় প্ৰতিটো অভিযানতে নষ্ট কৰিছে হাজাৰ হাজাৰ লিটাৰ অবৈধ চুলাই । বৰপথাৰৰ ওপৰ লাংঠা, বচাপথাৰ আৰু উৰিয়ামঘাটৰ ধনতোলাত বুধবাৰে চলিল আৰক্ষীৰ অভিযান । ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বৰপথাৰ এলেকাত কেইবাটাও ঘাটিৰ লগতে প্ৰায় ছহেজাৰ লিটাৰ অবৈধ চুলাই আৰু ধনতোলাত প্ৰায় চৈধ্যশ লিটাৰ অবৈধ চুলাই নষ্ট কৰে ।