বছৰৰ অন্তিমটো দিনত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীৰ তীব্ৰ তালাচী - দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নলবাৰী আৰক্ষীৰ তালাচী
🎬 Watch Now: Feature Video
পুৰণি বছৰৰ বিদায়ৰ দিনা নলবাৰীত কঠোৰ হৈছে পৰিবহণ বিভাগ, আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসন । দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লোৱা পদক্ষেপক লৈ তৎপৰ হৈছে প্ৰশাসন । হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি বাহন চলোৱা সকলক বিহা হৈছে জৰিমণা (Nalbari administration against traffic rule offenders ) । ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগক দিয়া নিৰ্দেশৰ পাছতে তৎপৰ হৈছে নলবাৰী পৰিবহন আৰু আৰক্ষী বিভাগ (Nalbari police against dring and drive)। নলবাৰীৰ ঠায়ে-ঠায়ে হেলমেট পৰিধান নকৰা বাইক আৰোহী সকলক জৰিমণা বিহাৰ লগতে গাড়ী চালক সকলে সুৰাপান কৰি গাড়ী চলাইছে নেকি তাৰ পৰীক্ষা কৰা পৰিলক্ষিত হয় (Mission against traffic rule offenders) । সুৰাপান কৰা লোকসকলক মুখত Breath Analyzer Machine ৰ দ্বাৰা কৰা হৈছে পৰীক্ষা ৷