আমবাৰীৰ বুঢ়া জামে মছজিদত তৰুণ গগৈক শেষ শ্ৰদ্ধা

By

Published : Nov 26, 2020, 2:00 PM IST

Updated : Nov 26, 2020, 7:46 PM IST

thumbnail

চিৰ দিনৰ বাবে সমাধিত বিলীন হৈ যাব অসমৰ ৰাজনীতিৰ অন্যতম পুৰোধা নেতা তৰুণ গগৈ ৷ নৱগ্ৰহ শ্মশানত ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে ৷ কলাক্ষেত্ৰৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ জনসমদল সহিতে লৈ যোৱা হয় চৰকাৰী বাসভৱনলৈ ৷ তাৰ পৰা বিভিন্ন ধৰ্মীয় স্থানলৈ লৈ যোৱা হৈছে ৷ আমবাৰীৰ বুঢ়া জামে মছজিদত নেতাগৰাকীক শ্ৰদ্ধা জনাই অজস্ৰ গুণমুগ্ধই ৷ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাই । তেখেত মুখ্যমন্ত্ৰী হৈ থকা দিনত কিদৰে প্ৰতিটো ধৰ্মৰ হৈ উদাৰতাৰে কাম কৰিছিলে তাৰ কথা সুঁৱৰিলে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে। লগতে ইছলাম ধৰ্মস্থলী উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে এক বলিষ্ঠ ভূমিকা পালন কৰিছিল সেই সম্পৰ্কে ব্যক্ত কৰিলে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে থকা স্মৃতি সোঁৱৰণ কৰিলে প্ৰাক্তন আছু কৰ্মী তথা বৰ্তমানৰ কংগ্ৰেছ নেতা হুকুম চান্দ আলী বস্কীয়ে। এনেদৰেই প্ৰতিটো জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ।

Last Updated : Nov 26, 2020, 7:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.